ডুবি থকা নেগুৰীয়া শামুকৰ সপোন
----------------------------

ডুবি থকা এটা ছাইবৰণীয়া
নেগুৰীয়া শামুক
দুচকুত সুমুৱাই লয়
সেউজীয়া ঘাঁহৰ সপোন

মই পাৰত বহি দেখি থাকোঁ
জলকুমাৰীয়ে চুলি মেলি মাতে
চুলিৰ আঁৰাৰ পৰা ভাঁহি আহে
মাছৰ ছালৰ গন্ধ

এটা নেগুৰীয়া শামুকৰ সপোন
কঁহুৱা ফুলৰ সুগন্ধ
আৰু জলকুমাৰীৰ বুকুত জলকুমাৰৰ জলজ কায়া

ইয়াতকৈও জানো বেছি ভাল হ'ব পাৰ
উদাসিনতাত বহি থকা এটা চিলনী উৰা দুপৰীয়া !

[মূল কামতাপুৰী কবিতা "ডুবিআ থাকা লেটুআ শামুকেৰ স্বপ্ন"ৰ স্বকৃত অসমীয়া অনুবাদ]

ණ কন্দর্পজিৎ কল্লোল

No content for this blog yet.

Pair of Vintage Old School Fru